Skip to main content

Language Difficulties (শিকন অক্ষমতা) | Errors And Disorders

Language Difficulties (শিকন অক্ষমতা) | Errors And Disorders
https://youtu.be/HqSlP74gR3U
Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. ..
  • অক্ষমতা (Disability) হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক, সংজ্ঞানাত্মক, মানসিক, সংবেদনাত্মক, বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা।
  • অক্ষমতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱন কালত দেখা দিব পাৰে।
  • কোনো ব্যক্তিৰ অতীতত থকা বিকাৰ অথবা ব্যক্তিগত বা দলীয় মানদণ্ডৰ ভিত্তিত কোনো ব্যক্তিক অক্ষম বুলি কোৱা হয়।
শিকন অক্ষমতা
সন্তান জন্মৰ ক্ষেত্রত হোৱা বিসংগতি, পৰিৱেশগত কাৰণ, শব্দ প্রদূষণ, জল প্রদূষণ আৰু বায়ু প্রদূষণ, ঔদ্যোগিক বাতাৱৰণ, ঔষধৰ অপব্যৱহাৰ, খাদ্যৰ বহুল ব্যৱহাৰ, কিছুমান বংশগত কাৰণ, পুষ্টিহীনতা, নিম্নমানৰ শিক্ষা আদি সামাজিক, শাৰীৰিক, আৱেগিক কাৰণত এটা শিশুৰ অথবা এজন ব্যক্তিৰ শিকন বাধাগ্রস্ত হব পাৰে৷
শিকন বাধাগ্রস্ততাৰ প্রকাৰ -
  1. পঠনৰ অক্ষমতা (Dyslexia)
  2. লিখনৰ অক্ষমতা (Dysgraphia)
  3. গাণিতিক শিকনৰ অক্ষমতা (Dyscalculia)
  4. শ্রৱণৰ বিশৃংখলতা (Disorder of listening)
  5. কথা কোৱাৰ বিশৃংখলতা (Disorder of spoken language)
Dyslexia - ডিচ্‌লেক্সিয়া (পঠনৰ অক্ষমতা বা পঠনৰ বিশৃংখলতা)
  • পঠন বিশৃংখলতা থকা ছাত্রই পাঠ এটা পঢ়াৰ কৌশল আয়ত্ত কৰিব নোৱাৰে৷
  • সহজ শব্দ, বাক্য গাঁথনি পঢ়িলে অসুবিধা পায়৷
  • শব্দবোৰ উচচাৰণ কৰোঁতে অনাৱশ্যকভাৱে পুনৰাবৃত্তি কৰে৷
  • শব্দ উচচাৰণ আৰু বাক্য সজাই-পৰাই পঢ়াৰ ক্ষেত্রত অপাৰগ হয়৷
  • (পঠন বাধাগ্রস্ত শিশুয়ে স্থিৰ দৃষ্টিৰে চাব নোৱৰাৰ ফলত নির্দিষ্ট আখৰ, শব্দগাঁথনি আদি আয়ত্ত কৰিব নোৱাৰে৷ ফলত কি কি আখৰ, শব্দ আৰু কেনে ধৰণৰ বাক্য ব্যৱহাৰ কৰি পাঠবোৰ উপস্থাপন কৰা হৈছে সেইটো বুজি পোৱাত পঠন বাধাগ্রস্ত ছাত্র বিফল হয়৷)
ডিচ্‌লেক্সিয়া (Dyslexia) সমস্যাটো সমাধান কৰাৰ কৌশল:
  • পঢ়িবলৈ আৰু পাঠৰ সৈতে জড়িত প্ৰশ্নোত্তৰ লিখিবলৈ নিৰিবিলি স্থানৰ সুবিধা কৰি দিয়া উচিত।
  • ডাঙৰ আখৰৰ আৰু দুটা শাৰীৰ মাজত বেছি ফাক থকা কিতাপ ব্যৱহাৰ কৰিব লাগে।
  • ইতিহাস, বিজ্ঞান অথবা অন্য একেধৰণৰ পৰীক্ষাত বানানৰ ভুল ধৰিব নালাগে।
  • এনে শিক্ষাৰ্থীক মুখস্থতকৈ যুক্তি প্ৰয়োগ কৰিবলৈ শিকোৱা উচিত ।
  • পাঠ্য সামগ্ৰী ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত পঢ়াৰ সুবিধা কৰিব লাগে।
Dysgraphia - ডিচগ্ৰাফিয়া (লিখনৰ অক্ষমতা)
  • এনে অক্ষমতা থকা শিক্ষার্থীয়ে কোনো এটা পাঠৰ আধাৰত লিখাৰ সমস্যাত ভোগে৷
  • সঠিকভাৱে শব্দ, বাক্য আৰু বাক্যাংশৰ ক্রম অনুসৰি লিখোঁতে প্রায়েই লিখন অক্ষমতাত ভোগা ছাত্রই বিফল হয়৷
  • শাৰী শাৰীকৈ লিখা আখৰৰ আকাৰ, সমানুপাতিকভাৱে লিখা, লিখোতে পৰিষ্কাৰকৈ আৰু শুদ্ধ ৰূপত উপস্থাপন কৰা আদিৰ ক্ষেত্রত অপাৰগ হয়৷
ডিচগ্ৰাফিয়া (Dysgraphia ) সমস্যাটো সমাধান কৰাৰ কৌশল:-
  • শিক্ষাৰ্থীক অসাৱধানতাৰে লিখা বাবে গালি দিয়াৰ পৰা বিৰত থাকিব লাগে।
  • মৌখিক পৰীক্ষাৰ ব্যৱহাৰ কৰিব লাগে।
  • পাঠদান বাণীবদ্ধ কৰিব পৰাকৈ শিক্ষাৰ্থীয়ে টে'প ৰেক'ৰ্ডাৰৰ ব্যৱহাৰ কৰিব লাগে।
  • বহল আঁচৰ বহী আৰু গ্ৰাফ কাগজ ব্যৱহাৰ কৰিব লাগে।
Dyscalculia - ডিচকেলকুলিয়া (গাণিতিক শিকন অক্ষমতা বা বিশৃংখলতা)
  • শ্রেণীকোঠাৰ বাহিৰে-ভিতৰে প্রায়ে দেখা যায় যে একাংশ শিক্ষার্থী গণিত বিষয়ৰ প্রতি আগ্রহী নহয়৷
  • সংখ্যা, প্রতীক আৰু সেইবোৰৰ মাজত থকা সম্পর্ক নুবুজা ছাত্রৰ বাবে গণিত এটা দুবোর্ধ্য বিষয় হৈ পৰে৷
  • পৰিপাটীকৈ সংখ্যা বা প্রতীক লিখা গাণিতিক অর্থ বুজি পোৱা আৰু গণিতৰ বিষয়বস্তু আয়ত্ত কৰিব নোৱাৰা শিক্ষার্থীক গাণিতিক শিকন বাধাগ্রস্ত বোলা হয়৷
Dyscalculia - ডিচকেলকুলিয়া (গাণিতিক শিকন অক্ষমতা বা বিশৃংখলতা)
  • স্থানিক মান, পৰিমাণ, ধনাত্মক আৰু ধণাত্মক মান, ধাৰে অনা-হাতে যোৱা আদিৰ দৰে ধাৰণা বুজাত শিক্ষাথীয়ে অসুবিধা পায়৷
  • শব্দত লিখা মানবোৰ বুজাত আৰু তথ্য অথবা ঘটনা ক্ৰমত সজোৱাত অসুবিধা পায়।
  • ভগ্নাংশ বুজাত অসুবিধা পায়
  • যোগ, বিয়োগ, পূৰণ অধবা হৰণ অংকৰ বিন্যাস চিনাক্ত কৰাত সমস্যা হয়।
  • দিন, সপ্তাহ, মাহ, ধাতু আদি সময় জৰিত ধাৰণা বুজাত অসুবিধা পায়।
ডিচকেলকুলিয়া (Dyscalculia) সমস্যাটো সমাধান কৰাৰ কৌশল:-
  • শিক্ষাৰ্ধীক গণনা কৰিবলৈ আঙুলি আৰু আঁচ টানিব পৰা কাগজ ব্যৱহাৰ কৰিবলৈ দিয়া উচিত।
  • শিক্ষাৰ্থীক ৰেখাচিত্ৰ ব্যৱহাৰ কৰিবলৈ আৰু গাণিতিক ধাৰণাবোৰ আঁকিবলৈ উৎসাহিত কৰিব লাগে।
  • গাণিতিক সমস্যাবোৰৰ বিভিন্ন অংশবোৰ পৃথক কৰিবলৈ ৰঙীন পেঞ্চিল ব্যৱহাৰৰ পৰামৰ্শ দিব লাগে।
  • শিক্ষাৰ্থীক লেখ কাকত ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া উচিত।
Common types of learning disabilities
  • Dyslexia - Difficulty With reading
  • Problems reading, writing, spelling, speaking
  • Dyscalculia - Difficulty with math
  • Problems doing math problems, understanding time, using money
  • Dysgraphia - Difficulty with writing
  • Problems with handwriting, spelling, organizing
শ্রৱণৰ বিশৃংখলতা (Disorder of listening)
  • শ্রৱণ এটা যৌগিক প্রক্রিয়া৷
  • একাংশ শিক্ষার্থীয়ে অমনোযোগিতা আৰু অহৰহ কল্পনাৰ ৰাজ্যত বিচৰণ কৰি বাস্তৱৰ সৈতে স্মৃতিৰ ভঁৰালত যোগাযোগ বিচিছন্ন কৰি দিয়ে৷
  • এনে শিক্ষার্থীৰ কাৰণে শ্রৱণ প্রক্রিয়াটো এটা বিশৃংখল আৰু অনাগ্রহী প্রক্রিয়ালৈ ৰূপান্তৰ হয়৷
কথা কোৱাৰ বিশৃংখলতা (Disorder of spoken language)
  • বহু সময়ত মনৰ ভাব আদান-প্রদানৰ সময়ত একাংশ ছাত্র-ছাত্রী খেলিমেলিৰ সৃষ্টি হয়। এনে বিশৃংখলতাক কথা কোৱাৰ বিশৃংখলতা (Disorder of spoken language) বুলি ধৰা হয়।
  • সৰল বাক্য গঠন কৰিব নোৱাৰা, কওঁতে শব্দৰ অশুদ্ধ ব্যৱহাৰ, বাক্যৰ সময় আৰু বিশেষণীয় শব্দৰ ব্যৱহাৰ, অপ্রয়োজনীয়ভাৱে শব্দৰ ব্যৱহাৰ কৰা, খণ্ডিত ৰূপত ভাব প্রকাশ কৰা, গুৰুত্বহীনভাৱে মনৰ ভাব প্রকাশ কৰা, স্পষ্ট ৰূপত মনৰ ভাব প্রকাশ কৰিব নোৱৰা ইত্যাদি এই বিশৃংখলতাৰ লক্ষণ।
Suggested video:-

Comments

Popular posts from this blog

Language Skills | ভাষা শিকনৰ কৌশলসমূহ পঠন (Reading)

Language Skills ভাষা শিকনৰ কৌশলসমূহ  পঠন (Reading) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ’লে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। • When we learn a language, there are four skills that we need for complete communication. • When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. • These are called the four "language skills": 1. Listening   2. Speaking   3. Reading   4. Writing ভাষা শিকনৰ কৌশল - পঠন (Reading) • ভাষা কৌশলসমূহৰ ভিতৰত পঠন হ'ল এক জটিল প্ৰক্ৰিয়া। • পঠনত চকু, কাণ আৰু মুখ বা জিভা এই তিনিটা জ্ঞানেন্দ্ৰিয়ৰ গুৰুত্ব স...

Language Skills ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন)

Language Skills  ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ ’ লে শ্ৰবণ , কথন , পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। When we learn a language, there are four skills that we need for complete communication. When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. These are called the four "language skills":                     1. Listening          2. Speaking          3. Reading  ...

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching)

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. 1. ব্যাকৰণ , অনুবাদ পদ্ধতি ( Grammar translation method ) শিক্ষাৰ এইটো আটাইতকৈ পুৰণি পদ্ধতি যিটো আজিও প্রচলিত। এই পদ্ধতিৰ দ্বাৰা ভাষা শিকোৱাৰ মূল উদ্দেশ্য হৈছে সেই ভাষা সাহিত্য পঢ়া বা লিখাৰ যোগ্যতা বঢ়োৱা। এই ক্ষেত্ৰত ছাত্র ছাত্ৰীসকলে শিকিবলগীয়া ভাষাটোৰ নিয়ম নীতিসমূহ মনত ৰাখি এটা ভাষাৰ পৰা আনটো ভাষালৈ শিক্ষকৰ সহায়ত অনুবাদ কৰে। ইয়াত ভাষাটো শুনা বা কোৱা যোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয় । 2. প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি ( Direct method ) ব্যাকৰণ , অনুবাদ পদ্ধতিৰ পাছতে আটাইতকৈ গুৰুত্ব দিয়া পদ্ধতি টো হ ’ ল- প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি । শুনা আৰু কোৱা এইবোৰ হ ’ ল পোনপটীয়া পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি। এই পদ্ধতি ত শুনা বা কোৱা কৌশল ৰ উপৰিও ভাষাটোৰ বৰ্ণমালাৰ ধ্বনি , কৈ বুজাৰ ওপৰতো  গুৰত্ব দিয়া হয় কিয়নো অতি কম ভাষাৰহে বৰ্ণমালাৰ ধ্বনি লিখিত ৰূপত আছে । এই পদ্ধতিত , Dialogue শ্ৰৱণৰ দ্বা...