Skip to main content

Language Skills ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন)

Language Skills ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন)

Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. ..
  • ভাষা এটা ভালদৰে শিকিবলৈ হলে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল।
  • শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে।
  • When we learn a language, there are four skills that we need for complete communication.
  • When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write.
  • These are called the four "language skills":
                    1. Listening         2. Speaking         3. Reading           4. Writing
ভাষা শিকনৰ কৌশল - শ্ৰৱণ (Listening)
  • ভাষা শিক্ষাৰ প্ৰথম কৌশল শ্ৰৱণ।
  • সাধাৰণ অৰ্থত কানেৰে শুনা কাৰ্যকে শ্ৰৱণ বোলা হয়।
  • শ্ৰৱণৰ অৰ্থ ভাষা শিক্ষাত কাণলৈ যি শব্দ আহে সেইয়াই নহয়, ভাষা শিক্ষাত শ্ৰৱণৰ অৰ্থ হ'ল বাক্যৰ অৰ্থ বুজা, মনত ৰখা আৰু প্ৰয়োজন অনুসাৰে তাক ব্যৱহাৰ কৰাৰ অৰ্হতা লাভ কৰা।
  • শ্ৰৱণৰ দ্ধাৰা স্মৰণ শক্তি বাঢ়ে
ভাষা শিক্ষাত শ্ৰৱণ কৌশলৰ প্ৰয়োজনীয় দিশ-
  • ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
  • কথা শুনিলেহে বোধৰ জন্ম হয় আৰু শ্ৰৱণ শক্তি বাঢ়ে। সেয়ে শুনাৰ সময়ত শিক্ষক বা অভিভাবকে ভূল-ক্ৰুটি ৰাখিব নালাগে ।
  • শব্দৰ সঠিক উচ্চাৰণৰ ওপৰত গুৰুত্ব দিব লাগে আৰু শব্দবোৰৰ কোনখিনিত জোৰ দিব লাগে বা নালাগে সেই বিষয়ে সচকিত হৈহে তেওঁলোকক কথাবোৰ শুনাব লাগে।
  • দ্বিতীয়তে পিতৃ-মাতৃ তথা অভিভাৱকসকলে ভাষা শিক্ষাৰ ক্ষেত্ৰত কোনটো ৰূপ গ্ৰহণীয় তাক ছাত্ৰসকলক বুজাই দিব লাগে।
  • সাধাৰণতে কথিত ভাষাত ঘৰত কথা পতা হয়, কিন্তু বিদ্যালয়ত সেই ভাষা নচলে।
  • গতিকে পৰাপক্ষত মান্য ভাষাতেই তেওঁলোকক কথাবোৰ শুনাব লাগে।
  • তৃতীয়তে শ্ৰুতলিপি দিয়াৰ সময়ত শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। কাৰণ শ্ৰুতলিপি লেখি যোৱাৰ সময়ত শিশুসকলৰ শ্ৰৱণ শক্তি সূক্ষ্ম হয়।
  • শ্ৰৱণৰ দ্ধাৰা স্মৰণ শক্তি বাঢ়ে
  • চতুৰ্থতে মাক-দেউতাক, অভিভাৱক আদিয়ে কথা পাতোতে দৃষ্টি ৰাখিব লাগে যাতে সিহঁতে শুনা শব্দবোৰে সিহঁতৰ চৰিত্ৰ গঠনত সহায় কৰিব পাৰে।
  • পঞ্চমতে পৰিবেশৰ পৰাও শ্ৰৱণ শক্তিৰ বিশেষ বিকাশ হব পাৰে।
  • যেনে- এজন শিশুৱে যেতিয়া হিন্দী কয় তেতিয়া বুজিব লাগিব তাৰ সেই পৰিবেশত কোনোবা হিন্দীভাষী লোক আছে যাৰ পৰা কথা শুনি সি হিন্দী ভাষাটো আয়ত্ব কৰিলে। গতিকে পৰিবেশে ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ মাধ্যমত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
Suggested video:-

Comments

Popular posts from this blog

Language Skills | ভাষা শিকনৰ কৌশলসমূহ পঠন (Reading)

Language Skills ভাষা শিকনৰ কৌশলসমূহ  পঠন (Reading) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ’লে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। • When we learn a language, there are four skills that we need for complete communication. • When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. • These are called the four "language skills": 1. Listening   2. Speaking   3. Reading   4. Writing ভাষা শিকনৰ কৌশল - পঠন (Reading) • ভাষা কৌশলসমূহৰ ভিতৰত পঠন হ'ল এক জটিল প্ৰক্ৰিয়া। • পঠনত চকু, কাণ আৰু মুখ বা জিভা এই তিনিটা জ্ঞানেন্দ্ৰিয়ৰ গুৰুত্ব স...

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching)

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. 1. ব্যাকৰণ , অনুবাদ পদ্ধতি ( Grammar translation method ) শিক্ষাৰ এইটো আটাইতকৈ পুৰণি পদ্ধতি যিটো আজিও প্রচলিত। এই পদ্ধতিৰ দ্বাৰা ভাষা শিকোৱাৰ মূল উদ্দেশ্য হৈছে সেই ভাষা সাহিত্য পঢ়া বা লিখাৰ যোগ্যতা বঢ়োৱা। এই ক্ষেত্ৰত ছাত্র ছাত্ৰীসকলে শিকিবলগীয়া ভাষাটোৰ নিয়ম নীতিসমূহ মনত ৰাখি এটা ভাষাৰ পৰা আনটো ভাষালৈ শিক্ষকৰ সহায়ত অনুবাদ কৰে। ইয়াত ভাষাটো শুনা বা কোৱা যোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয় । 2. প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি ( Direct method ) ব্যাকৰণ , অনুবাদ পদ্ধতিৰ পাছতে আটাইতকৈ গুৰুত্ব দিয়া পদ্ধতি টো হ ’ ল- প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি । শুনা আৰু কোৱা এইবোৰ হ ’ ল পোনপটীয়া পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি। এই পদ্ধতি ত শুনা বা কোৱা কৌশল ৰ উপৰিও ভাষাটোৰ বৰ্ণমালাৰ ধ্বনি , কৈ বুজাৰ ওপৰতো  গুৰত্ব দিয়া হয় কিয়নো অতি কম ভাষাৰহে বৰ্ণমালাৰ ধ্বনি লিখিত ৰূপত আছে । এই পদ্ধতিত , Dialogue শ্ৰৱণৰ দ্বা...