ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching)
1. ব্যাকৰণ, অনুবাদ পদ্ধতি (Grammar translation method)
|
- শিক্ষাৰ এইটো আটাইতকৈ পুৰণি পদ্ধতি যিটো আজিও প্রচলিত। এই পদ্ধতিৰ দ্বাৰা ভাষা শিকোৱাৰ মূল উদ্দেশ্য হৈছে সেই ভাষা সাহিত্য পঢ়া বা লিখাৰ যোগ্যতা বঢ়োৱা।
- এই ক্ষেত্ৰত ছাত্র ছাত্ৰীসকলে শিকিবলগীয়া ভাষাটোৰ নিয়ম নীতিসমূহ মনত ৰাখি এটা ভাষাৰ পৰা আনটো ভাষালৈ শিক্ষকৰ সহায়ত অনুবাদ কৰে।
- ইয়াত ভাষাটো শুনা বা কোৱা যোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয়।
2. প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি (Direct method)
- ব্যাকৰণ, অনুবাদ পদ্ধতিৰ পাছতে আটাইতকৈ গুৰুত্ব দিয়া পদ্ধতিটো হ’ল- প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি।শুনা আৰু কোৱা এইবোৰ হ’ল পোনপটীয়া পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি।
- এই পদ্ধতিত শুনা বা কোৱা কৌশলৰ উপৰিও ভাষাটোৰ বৰ্ণমালাৰ ধ্বনি, কৈ বুজাৰ ওপৰতো গুৰত্ব দিয়া হয় কিয়নো অতি কম ভাষাৰহে বৰ্ণমালাৰ ধ্বনি লিখিত ৰূপত আছে।
- এই পদ্ধতিত, Dialogue শ্ৰৱণৰ দ্বাৰা ভাষা শিক্ষণ কৰা হয়।
- 'Tape-recorder' আবিষ্কাৰ আৰু ভাষাৰ পৰীক্ষাগাৰে এই পদ্ধতিত বহুখিনি সহায়ক হয়।
3. যোগাযোগ পদ্ধতি (Communicative Method)
- ভাষা সাহিত্যৰ ক্ষেত্ৰত কৰা বহুতো গৱেষণাই এই পদ্ধতিটোৰ ওপৰত প্ৰভাৱ পেলাইছে।
- Socio-linguistics গৱেষণাত ধৰা পৰিছে যে ভাষা আহৰণে কেবল ভাষাৰ ব্যাকৰণ শিকাতেই সীমাবদ্ধ নাথাকে ই সামাজিক পৰিস্থিতি সাপেক্ষে কিদৰে প্ৰয়োজনত ভাষাটো ব্যৱহাৰ কৰিব পাৰি তাকেো বুজায়।
4. স্বাভাৱিক পদ্ধতি (Natural Approach)
- ই ভাষা শিক্ষাৰ পদ্ধতিসমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতি৷
- এই পদ্ধতিত কেন্দ্ৰবিন্দু হ’ল ‘ছাত্ৰ-ছাত্ৰী’।
- ছাত্ৰ-ছাত্ৰীয়ে কৰা ভুল ভাষা শিক্ষাৰ এটা অবিচ্ছেদ্য অংগ।
- এই ভুলবোৰৰ বিশ্লেষণৰ পৰা আচলতে ছাত্ৰ-ছাত্ৰীসকলে ভাষা শিক্ষাৰ জ্ঞান আহৰণ আৰু শিক্ষণ প্ৰক্ৰিয়াটো চলি থকাটোকে সূচায়।
- শিশুসকলৰ ভাষা আহৰণৰ ক্ষেত্ৰত অপৰিসীম যোগ্যতা আছে।
- এজন চাৰি বছৰীয়া শিশুৱে স্কুললৈ যোৱাৰ আগতেই তেওঁ শিকা ভাষাটোৰ নিয়ম অনুসৰি অহৰহ ভুল নকৰাকৈ কথা ক’ব পৰা হয়।
- সেয়েহে Natural approach য়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ বয়স সাপেক্ষে আনন্দময় পৰিৱেশত প্ৰয়োজনীয় শিকন শিক্ষণ আইনৰ জৰিয়তে ভাষা শিক্ষা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে।
Comments
Post a Comment
If you have any doubt, please let me know.