Language Skills ভাষা শিকনৰ কৌশলসমূহ পঠন (Reading)
ভাষা এটা ভালদৰে শিকিবলৈ হ’লে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে।
|
• When we learn a language, there are four skills that we need for complete communication.
সৰৱ পঠন কৌশলত শিক্ষকে কেইটামান কথালৈ মন দিব লাগে
Suggested video:-
• When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write.
• These are called the four "language skills":
1. Listening 2. Speaking 3. Reading 4. Writing
ভাষা শিকনৰ কৌশল - পঠন (Reading)
• ভাষা কৌশলসমূহৰ ভিতৰত পঠন হ'ল এক জটিল প্ৰক্ৰিয়া।
• পঠনত চকু, কাণ আৰু মুখ বা জিভা এই তিনিটা জ্ঞানেন্দ্ৰিয়ৰ গুৰুত্ব সমান।
• কেৱল শব্দ, বাক্য ফুটাই পঢ়িলেই নহ’ব৷ সিবোৰে কি কথা বুজাইছে, কি অর্থ বহন কৰিছে তাকো জানিব লাগিব৷ তেতিয়াহে প্রকৃততে পঠন হ’ব৷
ভাষাবিদসকলে পঠন কার্যৰ লগত তিনিটা গুৰুত্বপূর্ণ দিশ জড়িত হৈ থকাৰ কথা উল্লেখ কৰিছে৷ সেইকেইটা হ’ল–
ভাষাবিদসকলে পঠন কার্যৰ লগত তিনিটা গুৰুত্বপূর্ণ দিশ জড়িত হৈ থকাৰ কথা উল্লেখ কৰিছে৷ সেইকেইটা হ’ল–
• লিখিত আখৰ আৰু অন্যান্য প্রতীক বা চিহ্ণবোৰ চিনি পোৱা৷
• এই আখৰ/প্রতীকবোৰে কি ধ্বনি বা ধ্বনিসমষ্টিক কি ধৰণে, কি নিয়মে সজ্জিত হোৱা বুলি বুজাইছে তাক জনা৷
• পঠনীয় বিষয়ৰ অর্থ উদ্ধাৰ কৰা৷
কিতাপ পঢ়াৰ অন্তৰালত চাৰিটা বিশেষ দিশ জড়িত হৈ থাকে যেনে–
(ক) নজনা কথা জানিবৰ বাবে পঠন
(ক) নজনা কথা জানিবৰ বাবে পঠন
(খ) অভিজ্ঞতা সঞ্চয়ৰ বাবে পঠন
(গ) আনন্দ উপভোগৰ বাবে পঠন আৰু
(ঘ) অৱসৰ–বিনোদনৰ বাবে পঠন৷
পঠন কৌশল দুই প্ৰকাৰৰ - সৰৱ পঠন আৰু নীৰৱ পঠন।
আনে শুনাকৈ ফুটাই পঢ়িলে সেয়া সৰৱ পঠন আৰু মুখেৰে কোনো ধৰণৰ শব্দ নকৰাকৈ পঢ়িলে সেয়া নীৰৱ পঠন হয়।
সৰৱ পঠন
সৰৱ পঠনত কোনোৱে ডাঙৰ ডাঙৰকৈ পঢ়িলে বাকীবোৰে শুনিব পাৰে আৰু প্রয়োজনমতে পঠনীয় পাঠটো নিজৰ চকুৰে চায়ো যাব পৰা যায়। সৰৱ পঠন কৌশলৰ ই এক ডাঙৰ সুবিধা। সাধাৰণতে সৰৱ পঠনত পঢ়োতাই একান্তমনে মন-কাণ দিহে পঠনীয় পাঠটো পঢ়িব লগা হয়। সৰৱ পঠন কৌশল আয়ত্ত কৰিবলৈ হ’লে দৃশ্যমান লিখিত প্রতীক বা আখৰবোৰ চিনিব পৰাটো প্রয়োজনীয় আৰু লগতে এইবোৰৰ শুদ্ধ উচ্চাৰণ কৰিব জানিব লাগিব।

(ক) শুদ্ধ উচ্চাৰণ
(খ) বাক্পটুতা
(গ) উপযুক্তভাৱে কৰা উচ্চাৰণ
(ঘ) স্পষ্ট অভিব্যক্তি
(ঙ) যথাৰ্থ গুৰুত্ব আৰোপণ
(চ) উচ্চ স্বৰ
(ছ) উক্তিৰ স্পষ্টতা আৰু
(জ) স্বাভাৱিক বাক্ভঙ্গী।
নীৰৱ পঠন
নীৰৱ পঠন
কোনো পাঠ বা ৰচনা পঢ়ুৱৈজনে মুখেৰে কোনো ধৰণৰ শব্দ নকৰাকৈ বা গুণ্গুণনি নোতোলাকৈ মনে মনে পঢ়া কাযঁই হৈছে নীৰৱ পঠন। নীৰৱ পঠনৰ ক্ষেত্ৰত প্ৰত্যেকে মনে মনে নিজেহে পঢ়ে আৰু এই পঠনত কোনো শ্ৰোতা নাথাকে।
বহলাৰ্থত নীৰৱ পঠনৰ ব্যৱহাৰ পাঁচটা। সেইকেইটা হ’ল—
(ক) জৰীপ অধ্যয়ন- অধ্যয়ন কৰিবলগীয়া পাঠ সমীক্ষণ কৰা আৰু নিৰ্ঘণ্ট, অধ্যায়ৰ শিৰোনামা, ৰূপৰেখাসমূহ সম্পূৰ্ণভাৱে চোৱা
(খ) সাৰাংশ গ্ৰহণ- সাৰাংশসমূহ ওপৰে ওপৰে গ্ৰহণ কৰা
(গ) ওপৰে ওপৰে পঢ়ন - উপাদান আৰু ইয়াৰ ভাবৰ সাৰাংশৰ সৈতে পৰিচিত হোৱা
(ঘ) বিষয়সূচী পঢ়ন - উপাদানসমূহ গভীৰভাৱে অধ্যয়ন কৰা আৰু
(ঙ) সাহিত্যিক নাইবা ভাষাতাত্বিক অধ্যয়ন - যি ভাষাৰে পাঠটো লিখা হয় সেই ভাষাক সাহিত্য নাইবা ভাষাতত্বৰ দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰা।
এই পাঁচবিধ নীৰৱ পঠনৰ প্রথম তিনিবিধক সম্প্ৰসাৰিত পঠন (Extensive Reading)
আৰু শেষৰ দুবিধক ঐকান্তিক (Intensive Reading) বুলিব পাৰি।
দৰাচলতে সৰৱ পঠনৰ দৰে পাঠ নকৰিলেও নীৰৱ পঠনতো সৰৱ পঠনৰ আটাইবোৰ প্ৰক্ৰিয়াই ইয়াত নিহিত হৈ থাকে। এনে পঠনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল পাঠ্যাংশৰ মূল বিষয়বস্তু আহৰণ কৰা।
ভাষা শিক্ষাত পঠন কৌশলৰ প্ৰয়োজনীয় দিশ-

- পঠনৰ যোগেদি ভাষা শিক্ষাৰ পাঠ আৰম্ভ হয়। ইয়াৰ যোগেদি জ্ঞান-ভাণ্ডাৰ উন্মুক্ত হয়। ভাষাৰ কিতাপ এখন পঢ়িলে সেই ভাষাটোৰ বৈজ্ঞানিক বিশ্লেষণ আমাৰ জ্ঞাত।
- সাহিত্য পাঠে আমাৰ মনত ৰুচিবোধ জন্মায়। বিজ্ঞানৰ গ্ৰন্থই বিশ্লেষণ ক্ষমতা বঢ়ায় আৰু দৰ্শন শাস্ত্ৰৰ অধ্যয়নে আমাৰ মননশীলতাৰ বিকাশ ঘটায়। গতিকে ছাত্ৰ-ছাত্ৰী বা শিশুক ভাষা শিক্ষা জ্ঞান দিবলৈ পঠনৰ অভ্যাস কৰাব লাগিব।
- পঠনৰ যোগেদিয়ে বিভিন্ন গ্ৰন্থৰ ৰচনা ৰীতিত শব্দ প্ৰয়োগ, শব্দবিলাকৰ গুৰুত্বৰ এই বিষয়ে তেওঁলোকে জ্ঞান আহৰণ কৰে। গতিকে পঠন নোহোৱাকৈ ভাষা শিকাটোও অসম্ভৱ কথা।
Comments
Post a Comment
If you have any doubt, please let me know.