Skip to main content

Dehing Patkai Rainforest ক ৰক্ষা কৰক | Save Dehing Patkai | Save Amazon of East

Dehing Patkai Rainforest ক ৰক্ষা কৰক | Save Dehing Patkai | Save Amazon of East
Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. ..
দিহিং পাটকাই অভয়াৰণ্য Dihing Patkai Wildlife Sanctuary
অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন বৰ্ষাৰণ্য৷ 
এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক 'পূবৰ আমাজান' (The Amazon of the east) বুলিও আখ্যা দিয়া হয়। 
এই অঞ্চলটোৰ চহকী জৈৱবৈচিত্ৰ্যৰ উপৰিও ঐতিহাসিকভাৱে তাৎপৰ্য্যপূৰ্ণ স্থান যেনে দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিস্থলসমূহ, ষ্টিলৱেল পথ আৰু এছিয়াৰ আটাইতকৈ পুৰণি ডিগবৈ তৈলশোধনাগাৰ আদিৰ অৱস্থিতিও গুৰুত্বপূৰ্ণ।
২০০৪ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয় দিহিং-পাটকাইক।
এই বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰজুৰি বিস্তৃত হৈ আছে৷
এই বনাঞ্চলৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে - বাকী অংশ ডিব্ৰু-দেওমালি হস্তীপ্ৰকল্পৰ অন্তৰ্ভুক্ত৷
এই বনাঞ্চল প্ৰকৃততে অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলা পৰ্যন্ত বিয়পি আছে৷
দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য তিনিটা অংশৰে গঠিত হৈছে- জয়পুৰ, দিহিং নৈ আৰু ডিৰক বৰ্ষাৰণ্য৷
১৯৭৩ চনত Coal India Limitedক ৩০ বছৰৰ বাবে দিহিং-পাটকাইত কয়লা খননৰ বাবে লীজত দিয়া হয়৷ যিটো ২০০৩ত সমাপ্ত হয় ৷
২০০৩ চনতে আকৌ Forest Conservation Act, ১৯৮০ বলৱৎ কৰা হয়৷ ২০০৩ৰ পৰা এই ১৬-১৭ বছৰ পৰ্যন্ত অবৈধভাৱে ৭৩ হেক্টৰ  দিহিং-পাটকাইৰ হাতীৰ সংৰক্ষিত বনাঞ্চলৰ মাটিত কয়লাৰ খননকাৰ্য ঘটি আহিছে৷
বিগত ৭ এপ্ৰিলত ‘ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সমিতি’ৰ ৫৬সংখ্যক বাৰ্ষিক অধিৱেশনত NBWL (The National Board for Wildlife ) ৰ স্থায়ী কমিটীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ দিহিং পাটকাই অভয়াৰণ্যৰ অন্তৰ্গত হস্তীৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ্ছৰ ভূমিত কল ইণ্ডিয়া লিমিটেডৰ কয়লা খননৰ  বাবে দিয়া প্ৰস্তাৱক ইতিমধ্যে সেউজ সংকেট প্ৰদান কৰিছে। 
NBWL (The National Board for Wildlife)
It is chaired by India's Prime Minister and its vice-chairman is Minister of Environment. 
ক্ষতিগ্রস্ত হব হাতীকে ধৰি প্রায় ৭০০ প্রজাতিৰ ভিন্ন জীৱজন্তু, পক্ষী, সৰীসৃপ, বনবৃক্ষ আদি৷ তেনেক্ষেত্রত প্রকৃতিৰ এক বৃহৎ ক্ষতি কৰি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কয়লা খনন কৰাৰ অনুমতি দিয়াটো অসাংবিধানিক তথা বিবেচনাহীন কার্য 
অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং-পাটকাইৰ বনাঞ্চল অতি প্ৰখ্যাত৷ বৰ্তমানলৈকে ৪৫ গোত্ৰৰ প্ৰায় ১০১, ৪২বিধ স্তন্যপায়ী প্ৰাণী, ৪০ বিধ সৰীসৃপ আৰু ৩০ বিধ পখিলাৰ প্ৰজাতি পোৱা গৈছে৷
পূর্বতেও (২০১৫ চন) ৰাজ্যিক বন্যপ্রাণী পৰিষদে এই অঞ্চলত কয়লা খননৰ বাবে অনুমোদনৰ বাবে বিবেচনা কৰিছিল যদিও অৰণ্য সুৰক্ষা সমিতি, অসমকে ধৰি কেতবোৰ সদস্যই ইয়াৰ বিৰোধিতা কৰি আহিছিল৷ 
ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদে এনেধৰণৰ অনুমোদন জনোৱাৰ আগতে ৰাজ্যিক বন্যপ্রাণী পৰিষদেহে ইয়াক অনুমোদন জনাব লাগে৷ তেনেক্ষেত্রত বর্তমানৰ ৰাজ্যিক বন্যপ্রাণী পৰিষদৰ সদস্যসকলে যত প্রকৃতিবিদকে ধৰি আগশাৰীৰ কেইবাটাও প্রকৃতি সংগঠনো সদস্য হৈ আছে আৰু অনুমোদনৰ বাবে প্রতিজন সদস্যৰ সন্মতিৰ প্রয়োজন - তেনে সদস্যসকলে কিয় এনে কার্যৰ বিৰোধিতা কৰা নাই তাক লৈও প্রশ্নৰ উদয় হৈছে৷ 
কোনো কাৰণতে যাতে দিহিংপাটকাইৰ দৰে জৈৱবৈচিত্র্যৰে ভৰপূৰ বনাঞ্চলত কয়লা খননৰ অনুমতি চৰকাৰে নিদিয়ে তাক নিশ্চিত কৰিব লাগে ৷ 
জৈৱ-বৈচিত্ৰতাৰে ভৰপূৰ এই বনাঞ্চলখনত কয়লা খনন কৰিলে পৰিৱেশৰ বৃহৎ ক্ষতি হোৱাৰ উপৰিও জীৱকূললৈ বিপদ মাতি আনিব। ফলত কাষৰীয়া অঞ্চল সমূহ বন্য হাতী আৰু মানুহৰ সংঘাটৰ সমস্যাই গ্ৰাস কৰাৰ সম্ভাবনা আছে। 
Suggested video:-

Comments